অনুশীলনীঃ R-1
অনুশীলনী : R-1
1. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব?
(a) 12 : 21 আৰু 32 : 56 (b) 18 : 30 আৰু 14 : 21
(c) 22 : 33 আৰু 33 : 24 (d) 24 : 28 আৰু 20 : 25
2. তলৰ কোনবোৰ সংখ্যা ক্রমে সমানুপাতত থাকিব?
(a) 2, 6, 6, 8 (b) 10, 20, 30, 60
(c) p, pq, \( p^2q , q^2 \) (d) 6, 20, 4, 30
3. খালী ঠাই পূৰোৱা : (Fill in the blanks:)
(i) বৃত্তৰ কালি A = πr²
যদি A বাঢ়ে তেন্তে r ________ । যদি r কমে তেন্তে A ________ ।
(ii) এখন গাড়ীৰ ভ্ৰমণৰ সময় (t) আৰু দূৰত্ব (d) সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ —
| t | 1 | 2 | 3 | 4 | 5 | 6 | — | — | — |
|—|—|—|—|—|—|—|—|—|—|
| d | 4 | 8 | 12 | 16 | 20 | — | 28 | — | 36 |
খালী ঠাই পূৰোৱা : (Fill in the blanks:)
(a) t আৰু d য়ে ________ ভাৱে বিচৰণ কৰে।
(b) t = 6 হ’লে d = ________
(c) d = 28 হ’লে t = ________
(d) d = 36 হ’লে t = ________
4. যদি \( p \propto q \) আৰু p = 6 হ’লে q = 30, এতিয়া p = 2, তেন্তে q ৰ মান কিমান?
(a) 12 (b) 20
(c) 10 (d) 15
5. তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান —
(a) 8 (b) 6
(c) 4 (d) 2